আহোম ৰাজত্বকালত কলিয়াবৰ আৰু প্ৰাচীন নদুৱাৰ (ভৰলীৰ পৰা বুৰৈলৈকে) অঞ্চল সামৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে ব্যাপি থকা মধ্য অসমৰ শাসনকর্তা হিচাপে ৰজাঘৰীয়া দায়িত্ব পাইছিল সলাল গোঁহাইয়ে। খোৰা ৰজাৰ দিনত বৰগোঁহাই পৰিয়াৰ লেচাইডাঙ ওৰফে লেচাইক প্ৰথম সলাল গোঁহাই পাতি এই অঞ্চলত শাসনৰ দায়িত্ব ন্যস্ত কৰিছিল। সলাল গোঁহাইক সহায় কৰিবলৈ বহুকেইজন তলতীয়া বিষয়া আহিছিল। তাৰে এজন গোঁহাই অহাৰ আগতেই অঞ্চলটো থানথিত লগাই এই অঞ্চলৰ শাসনকৰ্তা হৈ আছিল । তেখেত হ’ল খৰঙী বৰুৱা। গোঁহাইক শাসনকৰ্তা পতাত খৰঙী বৰুৱা ক্ষুণ্ণ হৈছিল। সলাল গোঁহাই ১৫৫৫ চনত বৰনাৱৰে আহি ঘিলাধাৰী নদীয়েদি সোমাই কিলিং জানৰে চতিয়া পায়হি। উত্তৰপৰীয়া বিষয়াসকলে গোঁহাইক কিলিংজানৰ পৰা আদৰি আনে ৷

খৰঙী বৰুৱা আদৰিবলৈ নোযোৱাত গোঁহাইয়ে বাৰ্তা পঠাইছিল। খৰঙী বৰুৱাই অভিমান এৰি বাৰ্তা পঠালে এটি পথ বান্ধি আপোনাক আদৰিম। পথ বন্ধালে আৰু পথ বন্ধাওতে মাটি খান্দি থাকোতে এটা পুখুৰীত পানীৰ এটা উহ ওলাল। সেইটো উহনি পুখুৰী নামে জনাজাত হ’ল। এই উহনি পুখুৰীৰ পাৰতে চাৰিখন খোলা পাতি চাৰিদিশৰ ৰাইজৰে ভাওনা পাতি গোঁহাইক আদৰিলে।

উহনিপাৰত বিহুৰ আৰম্ভণি: উহনি পুখুৰীটোৰ বাবে কাষৰ পথাৰখন উহনি পথাৰ বুলিছিল। উহনি পুখুৰীত গোটেই বছৰ পানী চপচপিয়া হৈ থাকে । সেই সময়ত মানুহৰ পানীৰ উৎস পুখুৰী, নৈ, বিল আদি । সম্ভ্রান্ত দুই- এঘৰত কুঁৱা বা নাদৰ ব্যৱস্থা আছিল। চ’তৰ শেষত পানীৰ নাটনি হৈছিল। সকলো উৎস শুকাই গৈছিল। চতিয়াৰ নাভীকেন্দ্ৰ অঞ্চলৰ পৰা নদীলৈ কিছুদূৰ আছিল। গতিকে বিহুৰ কাপোৰ ধুবলৈ বা পানীটোপাৰ সন্ধানত উহনি পুখুৰীত মহিলাসকলৰ ভিৰ হৈছিল । উহনি পুখুৰীৰ পাৰতে কাপোৰ মেলি শুকোৱাই কাপোৰৰ আঁৰত মহিলাসকলে নানান ৰং ৰহইচ কৰিছিল ৷ বিহু নাম আৰু নাচৰো জোৱাৰ উঠিছিল। লাহে লাহে বিহুৰ আগে আগে উহনি পুখুৰীত যুৱতী আৰু বোৱাৰীসকলৰ কাপোৰ ধোৱা চলৰে এক অনন্য উদ্যাপনলৈ পৰিণত হৈছিল। ই এক ব’হাগ বিহু আদৰণিৰ অংগ হৈ পৰিছিল। কালক্ৰমত ই সাংগঠনিক ৰূপ ল’লে। ১৯১৮ চনত চতিয়াৰ উহনি পুখুৰীপাৰত মহিলাসকলৰ দ্বাৰা ৰূপায়ণ হ’ল প্ৰজাঘৰীয়াই পতা প্রথম মুকলি বিহু। লাহে লাহে মহিলাই লুকাই চুৰকৈ পতা বিহুখনলৈ হাতত পেঁপাটো লৈ, কান্ধত ঢোলটো লৈ বিহুৱা ডেকাৰ আগমন ঘটিল। উহনি পুখুৰীৰ দাতিকাষৰ পথাৰখনতে বর্তমান শতবৰ্ষ গৰকা সুবিশাল ‘মাধুৰী আঁহতজোপা’। ডেকা-গাভৰুৱে একেলগে পতা বিহুখন গছৰ ছাঁত অথবা আঁৰ লৈ আনন্দমনে উদ্‌যাপন হ’বলৈ ধৰিলে। বিহু হ’ল যৌৱনৰ উৎসৱ। ডেকা-গাভৰুৰ বিহুত যৌৱনৰ উন্মাদ বতাহ বলিবলৈ ধৰিলে। বিহুতলীৰ পৰা গাভৰু ছোৱালী পলুৱাই নিলে । সমাজৰ কঠোৰ বান্ধোন চিঙি মুকলি বিহুৰ পৰা গাভৰু পলুৱাই নিয়া কথাটো ৰাইজে সহজভাৱে গ্ৰহণ নকৰিলে ।

ইংৰাজী ৭/৪/১৯২৪ তাৰিখে (১৮৪৫ শক ২৪ চ’ত) অনুষ্ঠিত হোৱা চতিয়া, জামুগুৰি ৰায়ত সভাৰ মুকলি অধিবেশনৰ ১০ নং প্ৰস্তাৱ মৰ্মে বিহুত যটি পৰিল। ৰায়ত সভাৰ প্ৰস্তাৱৰ প্রতিলিপি এনেধৰণৰ— “চ’তৰ বিহুত ছোৱালীবিলাকে পথাৰলৈ গৈ অশ্লীল ভাষাৰে গীত গোৱা বা বিহুচোৱা বন্ধ কৰা হ’ল। যদি কোনো ছোৱালীয়ে বিহুত যোগ দিয়ে তেনেহ’লে সেই ছোৱালীৰ অভিভাৱকক পাঁচ টকাৰ দণ্ডণীয় হ’ব। (প্ৰস্তাৱৰ নকল গাঁৱে গাঁৱে প্ৰেৰণ কৰাৰ লগতে ১১/৪/১৯২৪ ত চাৰিআলি আৰু জামুগুৰিলৈ পঠোৱা হ’ল লগতে অসমীয়া বিলাসীনি, চেতনা আৰু বাঁহীত প্ৰকাশৰ অৰ্থে এটা নকল পঠোৱা হওঁক।)— ৰাধাকান্ত শৰ্মা, সভাপতি; ৰবিচন্দ্ৰ শ‍ইকীয়া, সম্পাদক।”

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত চতিয়াত স্বাধীনতা আন্দোলনে তীব্র ৰূপ লৈছিল। মৃত্যু বাহিনীৰ শিবিৰ উহনি পুখুৰীৰ পৰা পূৱলৈ ঔখোৱা বাকৰিত অনুষ্ঠিত হৈছিল। ঔখোৱা বাকৰিৰ আলোচনাৰে ১৯৩২ চনৰ ১৮ মাৰ্চ তাৰিখে তেজপুৰৰ কছাৰী ঘৰত বৃটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল চতিয়াৰ ডেকা ভূমিধৰ বৰদলৈয়ে। ভূমিধৰ বৰদলৈক ঘূৰি অহাৰ পথত কলপুলি পুতি আদৰণি জনোৱা হৈছিল। ৰাজপথত ঢোল-পেঁপা বাজি উঠিছিল । ৰায়ত সভাৰ নিৰ্দেশনাৰ পাছত সীমিত হৈ পৰা বিহুৰ উন্মাদনা ঘূৰি আহিছিল। আকৌ বাজি উঠিল উহনি পাৰত ঢোল, পেঁপা, গগণা। ১৯৩৩ চনত চতিয়া বহাগী মেলা (কেন্দ্ৰীয়) আৰম্ভ হ’ল। মাধুৰী আঁহতৰ বিহুৱেও উদ্যমেৰে প্রাণ পাই উঠিল। ১৯৩২ চনৰ পৰা ১৯৫০ চনলৈ উদ্যাপন কমিটি হিচাপে নাছিল যদিও স্বাধীনতা আন্দোলনত ভলণ্টিয়াৰৰ দলবোৰত থকাৰ দৰে এজনক অধিনায়ক বা পৰিচালক পাতি তেখেতৰ নেতৃত্বত বিহুখন চলিছিল । পৰিচালকৰ নিৰ্দেশনাত গাঁৱে গাঁৱে গায়ন বৰাৰ জৰিয়তে, একেদৰে খেতি খোলাই, বজাৰে হাটে খবৰ বিয়পি গৈছিল। চ’ত মাহত ডেকাহঁতৰ ৰাতি বিহুৱে সকলো উন্মনা কৰিছিল। ১ বহাগৰ পৰা ৭ ব’হাগলৈ মাধুৰী আঁহতৰ তলত বিহু, তাৰ আগতে চ’ত মাহৰ অমুক তাৰিখে বিহুতলী চাফা কৰাৰ বাবে ৰাইজ একত্ৰিত হ’ব। ফাগুৱাত চতিয়াৰ ভিন্নক্ষেত্ৰৰ ৰাইজে থান-সত্ৰ আদিৰ পৰা উলিয়াই অনা গোঁসাই জিৰণী বিহুতলীয়ে হৈছিল। একত্ৰিত ৰাইজে তাতে বিহুৰ কথা পাতিছিল আৰু টঙালী বান্ধিছিল।

১৯৩২ চনৰ পৰা ১৯৩৫ চনলৈ মাধুৰী আঁহতৰ বিহুৰ পৰিচালক আছিল খৰঙী বৰুৱাৰ বংশধৰ হেমধৰ বৰুৱা, ১৯৩৬ চনৰ পৰা ১৯৩৮ চনলৈ লোকনাথ শ‍ইকীয়া, ১৯৩৯ চনৰ পৰা ১৯৪২ চনলৈ ৰবিচন্দ্ৰ হাজৰিকা, ১৯৪৩ চনৰ পৰা ১৯৪৮ চনলৈ লোকনাথ শ‍ইকীয়া, ১৯৪৯ চনৰ পৰা ১৯৫০ চনলৈ লৱকান্ত গোস্বামী। ১৯৫১ চনৰ পৰা সভাপতি, সম্পাদক বাচনি হ’ল। ১৯৫১ চনৰ পৰা ১৯৫৫ চনলৈ সভাপতি আছিল অবিভক্ত দৰং জিলাৰ নামকৰা কৃষ্ণ ভাৱৰীয়া সত্ৰীয়া সাধক লৱকান্ত গোস্বামী। সম্পাদকসকল ক্রমে পোৱাল বৰুৱা, কমলাকান্ত ভাগৱতী, গুণ শ‍ইকীয়া, খগেশ্বৰ চেলেং। ১৯৫৬ চনত চতিয়া ৰায়ত সভাই ২৫/০২/১৯৫৬ চনত বহা এক কাৰ্যকৰী সভাত বিহুক অতি উলহ-মালহৰে উদ্‌যাপন কৰাৰ বাবে এটি প্ৰস্তাৱ গ্ৰহণ কৰে। এইবাৰ ৰায়ত সভাই ৰাইজক গোহাৰি জনাইছে বিহুৰ পৰিষৰ বৃদ্ধি হ’ব লাগে। ১৯৫৬ চনৰ পৰা মাধুৰী আঁহতৰ তলৰ মুকলি বিহুত এক উদযাপন সমিতি গঠন কৰাৰ পৰম্পৰা আৰম্ভ হ’ল।

মুকলি বিহু আৰু সভা: পূৰ্বৰ পৰা মাধুৰী আঁহতৰ তলত শৰাই শলিতা আগবঢ়াই গৰুবিহুৰ দিনা নামগোৱা পৰম্পৰা চলি আহিছে। ১৯৫৬ চনৰ পৰা নামৰ আগতে সভাপতিয়ে পতাকা উত্তোলন কৰা ব্যৱস্থা আৰম্ভ হয়। পাকৈত শিল্পীয়ে আগবঢ়োৱা এখনি সুন্দৰ গামোছা পতাকাৰ মৰ্যদাৰে উত্তোলন কৰা হৈছিল।

সাতদিনৰ অন্তত বিহু উৰুৱা হৈছিল। পতাকা অৱনমিত কৰি বছৰৰ খেতি-খোলাৰ বাবে ৰাইজ সাজু হৈছিল।

১৯৫৬ চনৰ পৰা ৪ বহাগৰ দিনা বহল পৰিষৰত মুকলি বিহুৰ আয়োজন হৈছিল। সেইদিনা মাধুৰীলৈ বৃহত্তৰ চতিয়াৰ বিভিন্ন গাঁৱৰ পৰা, জামুগুৰিহাট, বিশ্বনাথ চাৰিআলি আদি অঞ্চলৰ পৰা বিহুৱাদলসমূহ স্থানীয় ৰাইজকলৈ বাট বুলিছিল। মাধুৰী আঁহতৰ তললৈ চাৰিওফালৰ পথাৰবোৰেদি মানুহে পৰুৱা লানি লৈছিল। কমিটিয়ে বিহুৱাদলসমূহক তামোলা-পানৰে সেৱা ধৰি আদৰিছিল । ঢোলৰ ৰণত কঁপি উঠিছিল আকাশ, পেঁপাৰ সুৰত বতাহে বাট লৈছিল, বিহুনামৰ জাউৰিত গছৰ পাত সৰিছিল, নাচনিয়ে বন মৰি নাচিছিল ৷ অথচ নাছিল চিল্ড, শৰাই, নগদ ধন কিম্বা আন পুৰস্কাৰ । এইয়া আছিল স্বত্বঃস্ফূত বিহু। প্রাণ ঢালি নাচিছিল, গাইছিল।

১৯৫৬ চনৰ পৰাই মুকলি বিহুৰ অন্তত এখন সভা হৈছিল। য’ত একোজন অতিথি সভাপতি আৰু নির্দিষ্ট বক্তাই অংশ লৈ বিহুৱা-বিহুৱতীসকলক প্রশংসিত কৰিছিল। এনে দায়িত্বৰ বাবে বিশিষ্ট সাংস্কৃতিক তথা অন্য ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিসকলক আমন্ত্ৰণ কৰি অনা হৈছিল।

কেলেণ্ডাৰত মাধুৰী বিহুৰ স্থান লাভ: ১৯৫০ চনৰ পৰা দত্তবৰুৱা অসমীয়া কেলেণ্ডাৰ, পৰৱৰ্তী সময়ত কালপুৰুষৰ কেলেণ্ডাৰ আদিত ১ ব’হাগৰ পৰা সপ্তাহজোৰা মাধুৰী বিহু উদযাপনৰ বিষয়ে উল্লেখ থাকে। মুকলি বিহু প্রতিযোগিতা : ১৯৭৩ চনৰ পৰা মাধুৰী আঁহতৰ তলত চলন্ত বঁটা, শিল্ড আদিৰে মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হ’ল। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ লগে লগে কিছু নিয়মৰ বান্ধোনত মুকলি বিহুখন সোমাই পৰিল । উৎসাহ-উদ্দিপনা কমা নাছিল বৰঞ্চ বেছিহে হৈছিল। বিহুৰ লগতে ‘বিচাৰক পদবী’ৰ সংযোজন হৈছিল ৷ বিচাৰক আছিল বিহুৰ অন্যতম আকর্ষণীয় পদবী। যি বাচি দিয়ে শ্রেষ্ঠ দল, শ্রেষ্ঠ ঢুলীয়া, শ্রেষ্ঠ নাচনী আদি । তেতিয়াৰ পৰা এতিয়ালৈকে আন আন কাৰ্য্যসূচীৰ লগতে মুকলি বিহু প্রতিযোগিতা চলি আছে। ২০০০ চনৰ পৰা পুৰস্কাৰৰ লগত নগদ ধনৰ সংযোজন হৈছে। আৰম্ভণিতে দূৰণিবটীয়া দলসমূহক প্রতিযোগিতালৈ গাড়ী দি অনাৰ ব্যৱস্থা কৰিছিল কিন্তু পাছলৈ যাতায়তৰ বাবে মাননী দিয়াৰ ব্যৱস্থা হ’ল ।

নামকৰণত সামান্য সালসলনি: ১৯৭৫ চনত মাধুৰী আঁহতৰ তলৰ বিহুখন “সদৌ চতিয়া সাৰ্ব্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলা” নামেৰে নামকৰণ কৰা হয়। বর্তমানে সেইনামৰে চলি আছে যদিও জনমানসত মাধুৰী বিহু বা মাধুৰী আঁহতৰ তলৰ বিহু নামে অধিক জনাজাত ।

শতবর্ষ উদযাপন ২০১৮ : ২৮/১০/২০১৭ তাৰিখে মাধুৰী আঁহতৰ তলত চতিয়াবাসী একত্ৰিত হৈ মাধুৰী আঁহতৰ তলৰ মুকলি বিহুমেলাখনৰ শতবৰ্ষ উদ্যাপনৰ সিদ্ধান্ত লয়। চতিয়া ৰত্ন তথা তেতিয়াৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি, মুহিৰাম বৰকাকতী কাৰ্য্যকৰী সভাপতি, মৃণাল গোস্বামী আৰু পুষ্প বৰাক যুটীয়া সম্পাদক হিচাপে হৈ এখন উদ্যাপন সমিতি গঠন কৰি শতবৰ্ষ উদ্যাপন কৰা হয় ৷
৩০ চ’ত, ১৪ এপ্রিল’ ২০১৮ তাৰিখে গৰুবিহুৰ দিনা শতবৰ্ষৰ মূল পতাকাৰ লগতে ১০০ গৰাকী ব্যক্তিয়ে শতখন পতাকা উত্তোলন কৰে আৰু বৃহত্তৰ চতিয়াৰ ১০০ গৰাকী দেউৰী, বিলনীয়া আৰু জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। শতবৰ্ষৰ স্মৃতিগ্ৰন্থ ‘মাধুৰী’ মুকলি কৰে অসমৰ বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই আৰু ৪ ব’হাগৰ মুকলি বিহু মুকলি কৰে ঢোলৰ ওজা সোমনাথ বৰাই। ৬ ব’হাগৰ সাংস্কৃতিক মঞ্চত গীত পৰিবেশন কৰে কুসুম কৈলাশে। শতবৰ্ষৰ মূলসভাৰ সভাপতিত্ব কৰে বিশিষ্ট বুৰঞ্জীবিদ নিত্যানন্দ গগৈয়ে ।

মাধুৰী আঁহতৰ মহিমাৰে আন আন অনুষ্ঠানসমূহ:

পথাৰৰ মাজৰ মাধুৰী আঁহতজোপা গঞা ৰাইজৰ প্ৰাণ। নামঘৰৰ দৰে গছজোপাক পবিত্ৰ আৰু আধ্যাত্মিকভাৱৰে গ্ৰহণ কৰি শৰাই, বন্তি আগবঢ়াই। আজিৰ পৰা কিছু বছৰ আগলৈকে ফাকুৱা উৎসৱত নাগশঙ্কৰ দেৱালয়ৰ পৰা আৰু লগতে আন আন থান-সত্ৰসমূহৰ গোঁসাই ফুৰাবলৈ আনি জিৰণিৰ বাবে মাধুৰী আঁহতৰ তলতে ৰাখিছিল। এই উৎসৱত সহযোগ কৰা ৰাইজে কৃষ্ণ নামৰ ধ্বনিৰে আকাশ-বতাহ কঁপাই ফাকুৱা বা হোলী গীত গাই আনন্দ কৰিছিল। কিছুবছৰ ফাকুৱা উৎসৱৰ আনন্দৰ পৰা ৰাইজ বঞ্চিত হৈছিল সাংগঠনিক ৰূপৰ অভাৱত। ২০১৮ চনৰ শতবৰ্ষৰ পৰা মাধুৰী বিহু উদযাপন সমিতিয়ে পৰিকল্পনাৰ ন-ৰূপত ফাকুৱা উৎসৱ উদ্যাপন কৰি আহিছে।

মাধুৰী আঁহতৰ তলত বিভিন্ন সময়ত ৰাইজ একত্ৰিত হৈ ভাওনা, ৰাস আদি উদ্যাপন কৰিছিল। সেই ৰাসৰ অনবদ্য কৃষ্ণ ভাৱৰীয়া আছিল অবিভক্ত দৰং জিলাৰ স্বনামধন্য সত্ৰীয়া শিল্পী লৱকান্ত গোস্বামী । একেদৰে অসুৰৰ ভাৱত জামুগুৰি গেৰেলুৱাচুকৰ যোগেশ্বৰ শ‍ইকীয়া, চতিয়া বাৰভূঞা গাঁৱৰ গোবিন ভূঞা আদি ৰাইজৰ মাজত জীৱন্ত হৈ থকা ভাৱৰীয়া ।
সামৰণি: শতবর্ষ উদ্যাপনৰ পাছত মাধুৰী আঁহতৰ বিহুৱে অন্য এক পৰিচিতি লাভ কৰিছে। পণ্ডিতৰ মতে মাধুৰী আঁহতৰ বিহু প্ৰজাঘৰে পতা অসমৰ প্ৰথম মুকলি বিহু। ২০২৫ বৰ্ষত বিহুখনৰ ১০৭ সংখ্যক উদ্যাপন। উদ্‌যাপন আৰম্ভ হৈছে ৷ ৰমেন বৰা সভাপতি, বিষ্ণ বৰুৱা আৰু সঞ্জীৱ বৰমুদৈক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ উদ্‌যাপন কমিটি গঠন হৈছে ৷

ইতিবৃত্ত প্রস্তুত কমিটি :
১) ৰমেন বৰা
২) কৰুণানন্দ হাতীবৰুৱা
৩) জীৱন বৰা
৪) মৃণাল গোস্বামী
৫) সুৰজিৎ শ‍ইকীয়া
৬) হেমাংগ হাজৰিকা
৭) বিষ্ণু বৰুৱা
৮) সঞ্জীৱ বৰমুদৈ
৯) দিলীপ শ‍ইকীয়া

যুৱনেতা নিৰৱ নিচিম হাজৰিকাৰ উদ্যোগত এই ৱেবছাইটটো গঢ়ি উঠিছে ৷

[ ইতিবৃত্ত কমিটিয়ে দিয়া তথ্যৰ আধাৰত মৃণাল গোস্বামী আৰু বিষ্ণ বৰুৱাই লেখাটো যুগুত কৰিছে ]

The blog’s layout is clean and easy to navigate, making it a pleasure to read. The content is top-notch and always provides fresh perspectives on fashion trends!

Emily Davis
Emily Davis

Senior Writer, Fashion Buzz

This blog delivers fresh and engaging content consistently. It’s a must-read for anyone wanting to stay updated on the latest trends and news in various fields.

Sarah Johnson
Sarah Johnson

Managing Editor, Trendy Times

I love how this blog covers a wide range of topics with such depth and clarity. The quality of content and the attention to detail are truly impressive.

Michael Brown
Michael Brown

Content Manager, Urban News

The quality of the articles and the user-friendly interface make this blog a standout in the health and wellness niche. I always find valuable information here.

Jessica Miller
Jessica Miller

Chief Editor, Health & Wellness Weekly

This blog is a fantastic resource for lifestyle tips and trends. The articles are always well-written, informative, and provide practical advice for everyday life.

David Roberts
David Roberts

Editor, Lifestyle Today

Weekly Roundup

Week’s Top Content

latest videos

The Big Picture

Trending categories

Discover More

Science

2 articles

Technology

1 articles

Sports

1 articles

Top view of a wooden table with a green plant, a white smartphone, a teal coffee mug, and a folded newspaper
News

1 articles

Health

1 articles

1 1